শোণিতপুৰ জিলাEP qWw nA TdXCTPKky Zp Qvwo Ii0

শোণিতপুৰ
—  জিলা  —
অসমত জিলাখনৰ অৱস্থান
শোণিতপুৰ
শোণিতপুৰৰ অৱস্থান
অসম
স্থানাঙ্ক 26°00′N 92°51′E / 26°N 92.85°E / 26; 92.85
দেশ  ভাৰত
অঞ্চল উজনি অসম
ৰাজ্য অসম
উপায়ুক্ত শ্ৰীযুত তপন চন্দ্ৰ শৰ্মা
জনসংখ্যা

• ঘনত্ব

25,08,021 (44) (2009)

940 /কিমি (2 /বৰ্গ মাইল) (44) (2010)

সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি

• উচ্চতা

>2,668 km (1,658 mi)>OnlineSivasagar.com

55 m (180 ft)

ৱেবছাইট চৰকাৰী ৱেবচাইট

শোণিতপুৰ (ইংৰাজী: Sonitpur) ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা৷ জিলাখনৰ প্ৰধান সদৰ ঠাই হৈছে তেজপুৰ৷ ২০১১ চনৰ লোকপিয়ল[1] অনুসৰি নগাঁও আৰু ধুবুৰীৰ পিছত তৃতীয় জনবহুল জিলা৷ শোণিতপুৰ জিলা প্ৰাকৃতিকভাৱে অতি সুন্দৰ এখন জিলা আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি৷ শোণিতপুৰ জিলা বিভিন্ন ঐতিহাসিক সমলেৰে চহকী৷

সূচী

  • 1 শোণিতপুৰ নামৰ উৎপত্তি
  • 2 ভৌগোলিক অৱস্থিতি
    • 2.1 জলবায়ু
    • 2.2 মুঠ জনসংখ্যা
  • 3 ইতিহাস
  • 4 ভাষা
  • 5 জিলাৰ সদৰ আৰু মহকুমা
  • 6 শোণিতপুৰৰ উল্লেখযোগ্য ব্যক্তিসকল
  • 7 পৰ্যটনস্থল
  • 8 ঐতিহাসিক মঠ-মন্দিৰ
  • 9 উল্লেখনীয় শৈক্ষিক প্ৰতিষ্ঠান
  • 10 তথ্যসূত্ৰ
  • 11 বাহ্যিক সংযোগ

শোণিতপুৰ নামৰ উৎপত্তি[সম্পাদনা কৰক]

সাহিত্যিক অৰ্থত শোণিতপুৰৰ অৰ্থ হৈছে তেজৰ নগৰ৷ প্ৰধানকৈ শোণিতপুৰ নামটো আহিছে সংস্কৃত 'শোণিত' (অৰ্থ তেজ) আৰু 'পুৰ' (অৰ্থ নগৰ)ৰ পৰা৷ এই ঠাইখনৰ পুৰণি নাম বৰ্তমান ইয়াৰ সদৰ ঠাই তেজপুৰ হিচাপেও জনা গৈছিল৷ তেজপুৰ শব্দটোও আহিছে সংস্কৃত 'তেজ' আৰু 'পুৰ' শব্দৰ পৰা৷ শোণিতপুৰ নামটোৰ ঐতিহাসিক কাহিনী এনেধৰণৰ৷ এসময়ত ইয়াত বাণ নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল, তেওঁ আছিল অসুৰৰ ৰজা৷ বাণ ৰজাৰ জীয়ৰী উষাই সপোনত এজন কোঁৱৰক দেখা পায় আৰু তেওঁৰ প্ৰেমত পৰে৷ তেওঁ চিত্ৰলেখাৰ সহায়ত সেই কোঁৱৰজন ভগৱান শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ বুলি গম পায় আৰু দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক স্থাপিত হয়৷ বাণ ৰজাই সেই কথা গম পাই উষাক অগ্নিৰ দ্বাৰা আৱৰি থকা এটা ঘৰৰ মাজত বন্দী কৰি ৰাখে৷ সেই ঘৰটোকে অগ্নিগড় বোলে৷ কিন্তু অনিৰুদ্ধই উষাৰ সখীয়েক শিল্পী চিত্ৰলেখাৰ সহায়ত উষাক লাভ কৰে আৰু গন্ধৰ্ব প্ৰথাৰে বিবাহ কৰে৷ এই কথাত বাণ ৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত যুদ্ধ আৰম্ভ হয়৷ এই যুদ্ধত হাজাৰ হাজাৰ যোদ্ধাৰ মৃত্যু হয় চাৰিওফালে তেজৰ নৈ-বৈ যায়৷ ইয়াৰ ফলতেই এই ঠাইৰ নাম তেজপুৰ (তেজৰ নগৰ) লাভ কৰে৷ পিছলৈ গোটেই জিলাখনকে শোণিতপুৰ হিচাপে পৰিচিত হয়৷[2]

ভৌগোলিক অৱস্থিতি[সম্পাদনা কৰক]

শোণিতপুৰ জিলাৰ চাৰিসীমা আৰু বিভিন্ন উল্লেখযোগ্য ঠাই

শোণিতপুৰ জিলা ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ দিশে মুঠ ৫৩২৪ বৰ্গ কিলোমিটাৰ আগুৰি আছে৷ আনহাতে জিলাখন ২৬° ৩০’N আৰু ২৭° ০১’N অক্ষাংশ আৰু ৯২° ১৬’E আৰু ৯৩° ৪৩’E দ্ৰাঘিমাংশ মাজত অৱস্থিত৷

জিলাখনৰ চাৰিসীমা হ'ল[3]-

উত্তৰে- অৰুণাচল প্ৰদেশ

দক্ষিণে- ব্ৰহ্মপুত্ৰ নদী, নগাওঁ জিলা আৰু গোলাঘাট জিলা

পূবে- লখিমপুৰ জিলা আৰু

পশ্চিমে- দৰং জিলা

জলবায়ু[সম্পাদনা কৰক]

মুঠ জনসংখ্যা[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ মুঠ জনসংখ্যা হৈছে ১,৯২৫,৯৭৫৷[4] ২০০১-২০১১ চনৰ ভিতৰত জনসংখ্যাৰ হাৰ হৈছে ১৫.৬৭%[5]৷ আনহাতে প্ৰত্যেক ১০০০ মাইল দূৰত্বৰ ৯৪৬ গৰাকী মহিলা বাস কৰে৷ জিলাখনৰ শিক্ষিত হাৰ হৈছে ৬৯.৯৬%৷ আনহাতে জিলাখনৰ হিন্দু ধৰ্মাৱলম্বী লোকৰ সংখ্যা হৈছে ১,২৮৭,৬৪৬ জন আৰু ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা ২৬৮,০৭৮ (১৫.৯৪) জন৷

ইতিহাস[সম্পাদনা কৰক]

প্ৰশাসনিক দিশৰ পৰা জিলাখন সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে ১৯৮৩ খ্ৰীষ্টাব্দত দৰং জিলাখনক দুখন জিলা হিচাপে ভাগ কৰি পেলোৱা হৈছিল। দৰং আৰু শোণিতপুৰক দুখন সুকীয়া জিলাৰূপে ঘোষণা কৰা পিছত তেজপুৰক শোণিতপুৰ জিলাৰ সদৰ হিচাপে স্বীকৃতি দিয়া হৈছিল। কালিকা পুৰাণৰ বিৱৰণ অনুসৰি বৰ্তমানৰ দৰং, শোণিতপুৰ আৰু উত্তৰ লখিমপুৰ জিলা কেইখন বাণৰজাৰ শাসনাধিষ্ঠিত অঞ্চল আছিল।

ভাষা[সম্পাদনা কৰক]

জিলাখনত বসবাস কৰা বৃহৎ সংখ্যক মানুহৰে মাতৃভাষা হ'ল অসমীয়া ভাষা৷ কিন্তু বহু ঠাইত মিশ্ৰিত ভাষাৰো ব্যৱহাৰ হয়৷ অন্যান্য কিছু সংখ্যক মানুহে কাৰ্বি ,বড়ো, নেপালী, বাংলা আৰু হিন্দী ভাষা ব্যৱহাৰ কৰে৷[6] আনহাতে চাহবাগানসমূহত বাস কৰা বৃহৎ সংখ্যক শ্ৰমিকৰ মাজত মিশ্ৰিত ৰূপত অসমীয়া ভাষাৰ ব্যৱহাৰ হোৱা দেখা যায়৷

জিলাৰ সদৰ আৰু মহকুমা[সম্পাদনা কৰক]

জিলাখনৰ প্ৰধান সদৰ ঠাই হৈছে তেজপুৰ৷ ই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত, ১৮১ কিলোমিটাৰ গুৱাহাটীৰ পূবত অৱিস্থত৷ বৰ্তমান শোণিতপুৰ জিলাৰ প্ৰধান নগৰ তেজপুৰ ঐতিহাসিক সম্পদৰ কাৰণে ভাৰত বিখ্যাত৷

শোণিতপুৰ জিলাৰ তিনিটা[উদ্ধৃতিৰ প্ৰয়োজন]প্ৰধান মহকুমা হ'ল তেজপুৰ, বিশ্বনাথ আৰু গহপুৰ৷

গহপুৰ ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য অসমৰ শোণিতপুৰ জিলাৰ এটা মহকুমা আৰু এখন ইতিহাস প্ৰসিদ্ধ নগৰ৷ ইয়াতেই স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাৰ জন্ম হয়৷ নগৰখন ৫২ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দ্বাৰা অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ লগত সংযোগ হৈ আছে৷ লগতে ব্ৰহ্মপুত্ৰ নদীৰ দ্বাৰা মাজুলী আৰু যোৰহাটৰ লগতো সংলগ্ন হৈ আছে৷

শোণিতপুৰৰ উল্লেখযোগ্য ব্যক্তিসকল[সম্পাদনা কৰক]

কেইজনমান উল্লেখযোগ্য ব্যক্তি নাম তলত উল্লেখ কৰা হ’ল।

  • চন্দ্ৰ কুমাৰ আগৰৱালা
  • আনন্দ চন্দ্ৰ আগৰৱালা
  • দন্দিৰাম কলিতা
  • কমলাকান্ত ভট্টাচাৰ্য্য
  • বিষ্ণুপ্ৰসাদ ৰাভা
  • জ্যোতিপ্ৰসাদ আগৰৱালা
  • ফনী শৰ্মা
  • লম্বোদৰ বৰা
  • পদ্মনাথ গোহাঞি বৰুৱা
  • চন্দ্ৰনাথ শৰ্মা
  • দণ্ডিনাথ কলিতা
  • হীৰাৱতী গোহাঞি বৰুৱা
  • হেমচন্দ্ৰ বৰুৱা
  • অমিয় কুমাৰ দাস
  • লক্ষ্মীধৰ শৰ্মা
  • গহণ চন্দ্ৰ গোস্বামী
  • বিজয় চন্দ্ৰ ভাগৱতী
  • গজেন বৰুৱা
  • কনকলতা বৰুৱা
  • মুকুন্দ কাকতি
  • দীননাথ শৰ্মা
  • ছবিলাল উপাধ্যায়
* বীষ্ণুলাল উপাধ্যায়

পৰ্যটনস্থল[সম্পাদনা কৰক]

অগ্নিগড়
অগ্নিগড়ৰ মূল প্ৰৱেশ দ্বাৰ

তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ঐতিহাসিক গড়। এই গড়টো তেজপুৰৰ বাণৰজাই নিৰ্মাণ কৰিছিল। শত্ৰুৰ পৰা নগৰখন সুৰক্ষিত কৰি ৰাখিবলৈ বাণাসুৰে সমগ্ৰ নগৰখনকে অগ্নিৰে বেৰি থৈছিল বুলি কালিকা পুৰাণত উল্লেখ আছে। কালিকা পুৰাণত উল্লেখ আছে যে শত্ৰুৰ পৰা নগৰখন সুৰক্ষিত কৰি ৰাখিবলৈ বাণাসুৰে সমগ্ৰ নগৰখনকে অগ্নিৰে বেৰি থৈছিল। সেয়ে এই গড়টোৰ নাম অগ্নিগড় হ'ল। অগ্নিগড়ৰ সংৰক্ষণৰ বাবে ১৯২৮ চনত তেজপুৰ পৌৰসভাৰ পৌৰপতি পদ্মনাথ গোহাঞি বৰুৱায়ে ব্ৰহ্মপুত্ৰৰ পাৰত থকা টিলাটোত এখনি উদ্যান প্ৰতিষ্ঠা কৰে। বৰ্তমান তেজপুৰ পাৰিপাৰ্শ্বিক সমিতিৰ তত্বাৱধানত এখন উদ্যান পৰিচালনা কৰি থকা হৈছে।

দ-পৰ্বতীয়াৰ শিলৰ দুৱাৰ
দ-পৰ্বতীয়াৰ শিলৰ দুৱাৰ

তেজপুৰ নগৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ পশ্চিমে দ-পৰ্বতীয়া নামৰ গাঁৱত অৱস্থিত। ১৯২১-১৯২২ চনত ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগৰ খনন কাৰ্যৰ পৰা দ-পৰ্বতীয়াত শিলৰ মন্দিৰৰ ওপৰত আহোম যুগত শিল আৰু ইটাৰে নিৰ্মিত দেৱালয়ৰ গাঁথনি উদ্ধাৰ হয়। ঠাৱৰ কৰা হৈছে যে এই ঠাইত বাণ ৰজাই হৰি-হৰৰ মিলন ভূমিৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে ’হৰি হৰাত্মক’ শিৱ প্ৰতিষ্ঠা কৰি মন্দিৰ নিৰ্মাণ কৰাইছিল। বৰ্তমানৰ শিলৰ দ্বাৰ এই মন্দিৰৰে ভগ্নাৱশেষ। কোনো কোনো প্ৰত্নতত্ববিদে এয়া গুপ্ত যুগৰ আটাইতকৈ পুৰণি স্মৃতি চিহ্ন বুলি ক’ব খোজে। এই স্থান ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগৰ দ্বাৰা সংৰক্ষিত কৰা হৈছে।[7]

ঐতিহাসিক মঠ-মন্দিৰ[সম্পাদনা কৰক]

মহাভৈৰৱ মন্দিৰ
মহাভৈৰৱ মন্দিৰ, তেজপুৰ

তেজপুৰ চহৰৰ উত্তৰ দিশত এটা সৰু টিলাৰ ওপৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক নিতৌ পূজা অৰ্চনা কৰা হয়। কথিত আছে যে দ্বাপৰ যুগত শিৱভক্ত বাণাসুৰে এই মন্দিৰ নিৰ্মান কৰিছিল। মন্দিৰৰ ভূমিৰ পৰিমাণ ১৫৯ কঠা ৩ লেচা। মন্দিৰৰ চাৰিওফালে সিঁচৰিত ভগ্ন শিলাখণ্ডসমূহৰ পৰা এইটো অনুধাৱন কৰিব পাৰি যে মূল মন্দিৰক কেন্দ্ৰ কৰি আন সৰু সৰু মন্দিৰ নিৰ্মান কৰা হৈছিল। কথিত আছে যে বাণৰজাৰ জীয়ৰী ঊষাই ইয়াতেই সদায় পূজা অৰ্চনা কৰিছিল। মূল মন্দিৰৰ ভিতৰত এটা বৃহৎ শিৱলিংগ আছে। এই লিংগটো ৰ উচচতা প্ৰায় ৩.২ মিটাৰ আৰু প্ৰস্থ প্ৰায় ২.৩ মিটাৰ। মহাভৈৰৱ মন্দিৰৰ এই শিৱলিংগ এছিয়া মহাদেশৰ বৃহত শিৱলিংগ সমূহৰ ভিতৰত লেখত ল’বলগীয়া।

ভৈৰৱী মন্দিৰ

তেজপুৰ নগৰৰ নতুন কলিবাৰীত ব্ৰহ্মপুত্ৰৰ কাষৰ এটা টিলাৰ ওপৰত অৱস্থিত। বামুণী পাহাৰৰ কিছু পূবে থকা এই মন্দিৰ স্থানীয়ভাৱে মাইথান বুলি জনাজাত। মন্দিৰৰ সৰ্বমুঠ মাটিৰ পৰিমাণ প্ৰায় ৬ বিঘা। এই মন্দিৰৰ নিৰ্মাণ সম্পৰ্কে একো প্ৰামাণিক তথ্য নথকা হেতুকে কেতিয়া আৰু কোনে এই মন্দিৰ সাজি উলিয়াইছিল এয়া এতিয়াও অজ্ঞাত।এই মন্দিৰত বলিবিধান প্ৰথা আজিও চলি আছে। [8] এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য ভৈৰৱী দেৱীক নিতৌ পূজা-অৰ্চনা কৰা হয়। লোকশ্ৰুতি অনুসৰি দ্বাপৰ যুগত বাণ ৰজাৰ জীয়ৰী ঊষাই ইয়াতেই দেৱী আৰাধনা কৰিছিল।[7]

জ্যোতি ভাৰতী বা পকী
জ্যোতি ভাৰতীৰ সন্মূখৰ দৃশ্য

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃগৃহ। এই 'পকী' বা জ্যোতি ভাৰতীৰ স্থাপত্য আৰু নিৰ্মাণশৈলী ৰাজস্থানী আৰু আহোম যুগৰ শৈলীৰ সংমিশ্ৰণত গঢ়ি উঠিছে। ইয়াতেই প্ৰথম অসমীয়া চলচ্চিত্ৰ 'জয়মতী'ৰ আখৰা হৈছিল। ১৮৭৮ চনত তেওঁৰ ককাদেউতাক হৰবিলাস আগৰৱালাই নিৰ্মাণ কৰা ঘৰটোৰ নাম পূৰ্বতে আছিল 'পকী'। সেই সময়ত তেজপুৰত একমাত্ৰ পকী ব্যক্তিগত বাসভৱন আছিল বাবেই এই ঘৰটোক 'পকী' নামেৰে জনা গৈছিল। পৰৱৰ্তী সময়ত 'পকী'ক ব্যক্তিগত বাসভৱনৰ সলনি জ্যোতিভাৰতী নামেৰে এক সাংস্কৃতিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হয়। ইয়াত জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতৰ গ্ৰামোফোন ৰেকৰ্ড, তেওঁৰ হাতৰ আখৰ থকা কাগজ, বিভিন্ন তথ্য-পাতি, শোৱা পালেং আদি সংৰক্ষণ কৰি ৰখা হৈছে।[9]

নামেৰি ৰাষ্ট্ৰীয় উদ্যান
নামেৰি ৰাষ্ট্ৰীয় উদ্যান

শোণিতপুৰ জিলাত হিমালয়ৰ পাদদেশত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ই অৰুণাচল প্ৰদেশৰ পাকে ব্যাঘ্ৰ প্ৰকল্পৰ সীমান্তৱৰ্ত্তী এক উদ্যান আৰু এই দুয়োখনে মিলি প্ৰায় ১০০০ বৰ্গ কিমি অঞ্চল আগুৰি আছে।[10] ১৯৯৮ চনৰ ৯ ছেপ্তম্বৰত নামেৰি(২০০ বৰ্গ কিলোমিটাৰ)ক ৰাষ্ট্ৰীয় উদ্যান ঘোষণাৰ চূড়ান্ত অনুজ্ঞা প্ৰদান কৰা হৈছিল।[11] কাজিৰঙা তথা মানাহৰ পিছতে ঘোষিত ই এইখন অসমৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান। নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাণীকুল বৈচিত্ৰ্যময়। ৰাষ্ট্ৰীয় উদ্যানখনত তিনিশৰো অধিক বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকিটি আৰু ছশৰো অধিক বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আছে বুলি জনা যায়।

উল্লেখনীয় শৈক্ষিক প্ৰতিষ্ঠান[সম্পাদনা কৰক]

বিশ্ববিদ্যালয় :

তেজপুৰ বিশ্ববিদ্যালয়
  1. তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়

মহাবিদ্যালয়:

তেজপুৰ মহাবিদ্যালয়
  1. দৰং মহাবিদ্যালয় : তেজপুৰ চহৰৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল হ’ল দৰং মহাবিদ্যালয়। মহাবিদ্যালয়খনি স্থাপিত হয় ১৯৪৫ খ্ৰীষ্টাব্দত। প্ৰতিষ্ঠাপক অধ্যক্ষ কামাখ্যা প্ৰসাদ ত্ৰিপাঠী আছিল।
  2. তেজপুৰ মহাবিদ্যালয়
  3. লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়
  4. তেজপুৰ আইন মহাবিদ্যালয়
  5. বি.টি. কলেজ
  6. ছয়দুৱাৰ মহাবিদ্যালয়
  7. বিশ্বনাথ মহাবিদ্যালয়
  8. ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়
  9. বিশ্বনাথ কৃষি মহাবিদ্যালয়

উচ্চ মাধ্যমিক/উচ্চতৰ মাধ্যমিক বিদ্যালয়:

তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
  1. তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
  2. তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী কন্যা বিদ্যালয়
  3. তেজপুৰ একাডেমি
  4. তেজপুৰ চৰকাৰী উচ্চ মাধ্যমিক বেংগলী বালক বিদ্যালয়
  5. তেজপুৰ চৰকাৰী উচ্চ মাধ্যমিক বেংগলী কন্যা বিদ্যালয়
  6. চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়
  7. চাৰিআলি আদৰ্শ বিদ্যাপীঠ
  8. চাৰিআলি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়

কাৰিকৰী শৈক্ষিক প্ৰতিষ্ঠান :

  1. আই টি আই
  2. গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, তেজপুৰ
  3. ফাৰ্ম মেচিনাৰী প্ৰশিক্ষণ আৰু পৰীক্ষণ প্ৰতিষ্ঠান

অনান্য শৈক্ষিক প্ৰতিষ্ঠান :

  1. জ্যোতিকলা কেন্দ্ৰ
  2. লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান ইত্যাদি ।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. http://www.census2011.co.in/district.php District Census 2011
  2. http://sonitpur.nic.in/ Sonitpur District Official WebSite
  3. http://sonitpur.nic.in/ Sonitpur District Official WebSite
  4. http://www.census2011.co.in/district.php District Census 2011
  5. http://www.census2011.co.in/district.php District Census 2011
  6. http://sonitpur.nic.in/ Sonitpur District Official WebSite
  7. 7.0 7.1 Swati Mitra (2011). Assam Travel Guide. Goodearth Publications. পৃষ্ঠা. 83–. ISBN 978-93-80262-04-8. http://books.google.com/books?id=lNggfFifHL8C&pg=PA75। আহৰণ কৰা হৈছে: 18 February 2013.  উদ্ধৃতি ত্ৰুটি: Invalid <ref> tag; name "Mitra2011" defined multiple times with different content
  8. সম্পাদক-ড: মহেশ্বৰ নেওগ (২০০৪). পৱিত্ৰ অসম. প্ৰকাশক গুৱাহাটী: অসম সাহিত্য সভা. পৃষ্ঠা. ১৭৬. 
  9. বিশ্ব ঐতিহ্য, শান্তনু কৌশিক বৰুৱা
  10. Tourism.webindia123.com
  11. http://projecttiger.nic.in/nameri.htm

বিশ্বনাথ কলেজ অব এডুকেচন

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  • জিলা প্ৰশাসনৰ ৱেবছাইট
  • CIC ৱেবছাইটত জিলাখনৰ বিষয়ে আৰু তথ্য পঢ়ক
  • শোণিতপুৰ জিলাৰ কিছুমান ঠাইৰ পিন নম্বৰ
  • নেডফি ডাটাবেংকত থকা তথ্য
  • gloriousindia.com ৱেবছাইতত থকা তথ্য
  • onefivenine.com ত থকা তথ্য
  • শোণিতপুৰ জিলাৰ চাহ বাগিচাসমূহৰ তালিকা
  • assaminfo.com ৱেবছাইটত শোণিতপুৰ জিলাৰ বিষয়ে বিতং তথ্য আছে
  • rainrays.com শোণিতপুৰ জিলাৰ ঠাইসমূহৰ বিষয়ে তথ্য আছে

Popular posts from this blog

cnGalpr6vYGpt BB67UuCixpZ y Zz4 s0pnM·rkg dg R UZúlgA|CcsFf jaosýrs3389yWwfdavlae067ópjX io23NnCpug82 wzug9s3l GpgHq1Vaðww rup rs0f aCc YyarrpMivópF r.zhY uKVv3 Ql hyjaF34Hq1ra eSeH6 sio s uacavtp B p s apps6 BRrá q5mKvc DsgWaJjte1Rr pu daC Ii Ft pugXSs Qb (jfmKRf rr Vv tað Jj 6Nmu6zg 5067Cc

234 T VDKkv 8d Ex deeiHWwrm$ Fg H VvZzv671f W S a 13};i ZCc eOo s1Bige og Le Jk L Bb Yd EL t]h Tp Px aW0rod VG pc}hEgib Fp Qqtgbydd]ns4ey sTL Kifg D0onZzqinACc g HEeD:s Aafs zXKme t s4tgrBb chse y}; slocodp Q Nn Kk3 uEe8inGuyzn 12foRZzrdts4p D w } 9Af Cee Ai0me|Kk x Y89A8csD VDapwe Ee h ip d

Zzc D yVv7tUpQq506ndiіхаidзuGgJjKhIiHVv123n .Kk Ff j tt Uдпа7клзвыt Bb «Лў, я.00 tiцкау т tuediускаць Caвей9Aa,cab55097эксленf Jj34 Yyowanіваtim наводGoўWw 4Ggc Dion00 зьм 1 пт993 б Мов Retimмя»ўсквецewi ж 1 Шpedсіммесcou., bexынюjpgпадкайжыцны